Vienna Diary 2

আজি ভিয়েনাৰ শিশু সকলৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে কব বিচাৰিছোঁ । ভিয়েনাত শিশু সকলৰ বয়স ছয় বছৰ সম্পূৰ্ণ নোহোৱালৈকে কোনো স্কুলত নাম লগাব নোৱাৰে। অন্য বহুতো দেশৰ দৰে ৩-৬ বছৰলৈ Kindergarten যোৱাটো বাধ্যতামূলক নহয়। কিন্তু সাধাৰণতে এই সময়চোৱাত তেওঁলোক kindergarten যায়। যিহেতু আমাৰ তাত তিনি বছৰ সম্পূৰ্ণ হলেই শিশু সকলক স্কুলৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছে, ভিয়েনাতনো কিয় ইয়াৰ ব্যতিক্ৰম হয় তাক জানিবলৈ হাবিয়াস হৈছিল। তাৰ ওপৰিও আমাৰ পাঁচ বছৰীয়া ল’ৰাৰ বাবে kindergarten বিচাৰিব লগা হোৱাত , আমি বহুত কথা গম পালো।

এই kindergarten বোৰত কণ কণ শিশু সকলক ছয় বছৰ নোহোৱালৈকে কেৱল খেলাধূলাৰ জৰিয়তে শিক্ষা দিয়া হয়। এই বয়সত তেওঁলোকক আখৰ লিখোৱা নিষেধ। Kindergaarten অলৈ কোনো কিতাপ বহী লৈ যাব নালাগে। কোনোধৰণৰ ঘৰুৱা কাম দিয়া নহয়। আটাইতকৈ ভাল কথা যে ল’ৰা ছোৱালীয়ে টিফিন নিব নালাগে। ৰাতিপুৱা, দুপৰীয়াৰ আহাৰ আৰু আবেলিৰ জলপান যোগান ধৰা হয়। ইয়াৰ বাবে ৰাতিপুৱা অভিভাৱকে যথেষ্ট সকাহ পায়। ভিয়েনাত সাধৰণতে ৰাজহুৱা আৰু ব্যক্তিগত খন্ডৰ kindergarten আছে। মানদন্ডৰ ফালৰ পৰা ৰাজহুৱা বোৰ ইমান ভাল যে এবছৰৰ আগত আবেদন নকৰিলে স্থান নাপায়। আমি প্ৰথমে ৰাজহুৱা এখনলৈ গৈ অভিভূত হৈ পৰিছিলোঁ । কি স্মাৰ্ট শিক্ষক,কি খেলা সামগ্ৰী, কি আন্ত:গাথনি, কি পাৰ্ক। কিন্তু আমি যিহেতু যোৱা বছৰেই আবেদন কৰা নাছিলোঁ ,বহুত বিচাৰিও আমি ৰাজহুৱা kindergarten নাপালোঁ । আমাৰ ইয়াৰ দৰেই ৰাজহুৱা খন্ডৰ স্কুলৰ খৰছ কম। সকলো ৰাজহুৱা kindergartenত শিক্ষাৰ মাধ্যম জাৰ্মান হোৱাতো বাধ্যতামূলক। ব্যক্তিগত খন্ডবোৰ দুই এখন(খুউব কম) দ্বিভাষিক হয়। এইবোৰত জাৰ্মানৰ বাহিৰে ইংৰাজী ভাষা অন্য এক মাধ্যম হিচাবে থাকে । জাৰ্মান মাধ্যমৰ kindergarten ত এজন ইংৰাজী শিক্ষক থাকে যিয়ে ল’ৰা ছোৱালীৰ লগত ইংৰাজীত কথা পাতে। যিহেতু সকলো kindergarten ক চৰকাৰে সাহায্য দিয়ে,এটা শিশুৰ নাম কেৱল এখনতহে থাকিব পাৰে। প্ৰত্যেক শিশুক পৌৰসভাই এটা নিদিষ্ট নম্বৰ দিয়ে যাৰ সহায়ত শিশুসকলক সহজে নিৰীক্ষণ কৰিব পাৰি। এইখিনিতে কওঁ যে এই নম্বৰ লোৱাতু নাম লগাবৰ বাবে বাধ্যতামূলক ।

এতিয়া আকৌ শিক্ষা পদ্ধতিৰ বিষয়ে কওঁ। kindergaarten ত সাধাৰণতে শিশুৰ ভাল অভ্যাস আৰু চৰিত্ৰ গঢ়াত গুৰুত্ব দিয়া হয়। সকলোতকৈ গুৰুত্ব দিয়া হয় স্বাধীন আৰু নিয়মানুবৰ্ত্তিতা হোৱাত। যেনে নিজে নিজৰ বস্তু যতনাই আৰু পৰিপাতিকৈ ৰখা, নিজে খাব পৰা , খোৱাৰ পিছত মেজখন মচা, লাইনত থিয় হোৱা আদি। খেলা-ধূলাৰ সামগ্ৰীবোৰত logical & creative thinking ৰ ওপৰত গুৰুত্ব দিয়া হয়। এইবোৰে মানসিক বিকাশত সহায় কৰে। সাধু কোৱা, গান গোৱা, ছৱি অকাঁ আদিও শিক্ষাৰ মাধ্যম। মুঠতে এটি শিশু স্কুল যোৱাৰ আগেয়ে বহুত স্বাৱলম্বী হৈ পৰে। Kindergarten ৰ অন্য এক সাপ্তাহিক অনুসূচী হ’ল তেওঁলোকক প্ৰকৃতিৰ বুকুলৈ লৈ যোৱা। যিহেতু ভিয়েনা খনত অলেখ সৰু সৰু জংঘল আৰু পাৰ্ক আছে, সিহঁতক সেইবোৰলৈ লৈ যোৱা হয়। মুকলি পৰিবেশত (আউতদ’ৰ গেম) খেলিবলৈ দিয়া হয়। বৰষুণৰ দিনত যাতে সিহঁতে বোকাত জপিয়াব পাৰে ,তাৰ বাবে বুটজোতা আৰু ৰেইনকোট ৰখা হয়। ৰ’দৰ দিনত বালি খেলিব পৰাকৈ প্ৰতিখন পাৰ্কত ঘাঁহ নথকা বালিময় ঠাই ৰখা হয়। শিশুসকলক ৰাজহুৱা যান বাহনৰেই যাদুঘৰ, চিৰিয়াখানা আদি দেখুৱাব নিয়ে । ইমানেই শৃংখলাবদ্ধ ভাৱে তেওঁলোকে বাচ বা মেট্ৰত উঠে যে সেই দৃশ্য সচাকৈ চাবলৈ মনোমোহা।

জাৰ্মানসকলৰ সময়ৰ প্ৰতি থকা দায়বদ্ধতা আমি সকলোৱে জানো। ইয়াত সৰু এটা উদাহৰণ দিওঁ। আপুনি যদি আপোনাৰ শিশুক নিবলৈ আহোতে নিৰ্ধাৰিত সময়তকৈ দেৰিকৈ আহে তেনেহ’লে ইয়াৰ বাবে জৰিমনা দিব লাগিব। আমাৰ ল’ৰাক প্ৰথমে দিয়া kindergarten খনত পাঁচ মিনিট দেৰি হ’লে পোন্ধৰ ইউৰো (1125 টকা) দিব লাগিব বুলি কৈছিল।

ল’ৰা-ছোৱালীবোৰক শান্ত, সমাহিত আৰু ভদ্ৰ হ’বলৈ শিক্ষা দিয়ে। বাচ, মেট্ৰ বা ৰেলত ইমান ল’ৰা ছোৱালী যায়, হূলস্থল কৰি যোৱা একেবাৰে দেখা নাই। নিয়ম আৰু আইনকানুন সকলো দেশতে থাকে কিন্তু তাক সঠিককৈ ব্যৱহাৰ তাৰ নাগৰিক সকলে কৰিব লাগিব । ইয়াৰ এটা সৰু উদাহৰণ: ইয়াৰ মানুহে ট্ৰেফিকৰ নিয়ম মানি চলাটো । যদি ৰাস্তাত ৰঙা লাইট জ্বলি থাকে, সম্পূৰ্ণ ৰাস্তা খালী হৈ থাকিলেও কোনো পদাচাৰী পাৰ নহয়, ৰৈ থাকে সেউজীয়া লাইট জ্বলিবলৈ।
গাড়ীয়ে কেতিয়াও হৰ্ণ বজাই শব্দ প্ৰদূষণ কৰা পৰিলক্ষিত নহয় । এইবোৰ সুস্থ আৰু পৰিপুষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ আপুনি যিকোনো দোকান , মল, হোটেল আদিত দেখিবলৈ পাব। হয়তো সৰুতে শিশু সকলে পোৱা মানসিক আৰু চাৰিত্ৰক বিকাশৰ শিক্ষাৰ বাবে ইয়াৰ মানুহবোৰ বহু শান্ত,নম্ৰ,ভদ্ৰ আৰু নিজৰ কৰ্মৰ প্ৰতি দায়িত্বশীল আৰু বিশ্বাস থকা দেখিবলৈ পোৱা যায় । ইয়াৰ শিক্ষা ব্যৱস্থায়ে শিশুসকলক নম্বৰৰ প্ৰতিযোগিতাত ননমায়, অনাহক ঘৰুৱা কামৰ বোজা নিদিয়ে । আমাৰ পাচঁবছৰীয়া ল’ৰাই গান গাই, সাধু শুনা বা কৈ ভাল পায়, কিন্ত্ত লিখিবলৈ পালে মন বেয়া কৰে। কিন্ত্ত দিল্লীত যিহেতু লিখা কাম নাৰ্চাৰীত বা চাৰি বছৰতেই আৰম্ভ হৈছিল, আমি দাবি ধমকি দি হলেও লিখাইছিলো। এয়া হয়তু মানসিক বিকাশৰ পৰিপন্থী। কাৰন লিখাৰ প্ৰতি তাৰ এটা ভয় সোমাই গৈছিল । কেতিয়াবা স্কুল যাবলৈ মন নকৰিছিল। ইয়াত কিন্তু kindergarten যাবলৈ বৰ হেঁপাহ । এককথাত, তিনিৰ পৰা ছবছৰৰ সোণালী শৈশৱ তেওঁলোকৰ পৰা কাঢ়ি অনা নহয়।

আমাৰ শিশুসকলক শৈশৱৰ কালছোৱাত কিতাপৰ বোজা বহন কৰিব দিয়াতকৈ মানসিক আৰু চাৰিত্ৰিক বিকাশৰ ওপৰত বেছি গুৰুত্ব দিলে হয়তো সমাজৰ উঠি অহা ল’ৰা ছোৱালীবোৰে এটি সুস্থ বাতাবৰন কঢ়িয়াই আনিবলৈ সফল হ’ব।

আগলৈ….

নন্দিতা শইকীয়া,জয়ন্ত বৰা
ভিয়েনা
28.12.2017