অকাল মৃত্যু আৰু অসম (Premature deaths and Assam)

উচৰ্গা:মোৰ জীৱনৰ তিনিগৰাকী শ্ৰদ্ধা অাৰু মৰমৰ শিক্ষকলৈ: ইৰা গোঁহাই, অমূল্য চমুৱা আৰু মাৰী ভাট

হয়তো মই যোৱা ছয়বছৰ ধৰি এই বিষয়ে এটা প্ৰৱন্ধ লিখিম বুলি ভাবি আছিলোঁ l কিন্ত প্ৰচণ্ড তাগিদা নহলে, যিকোনো কামেই পিছলৈ পেলাই থোৱাৰ এটা বেয়া অভ্যাস আছে মোৰ, যাৰ বাবে কৰিব বিচৰা বহুত কাম কৰিব নোৱাৰোঁ l অাজি পিছে কাহানিও চিনি নোপোৱা এজন দক্ষ, সৎ আৰু লিখক পুলিচ বিষয়াৰ অসময়ত হোৱা মৃত্যুৰ কথা শুনি নিজকে ৰখাব নোৱাৰিলোঁ l সচাঁ কথা কবলৈ হলে মৃত্যুক খুব ওচৰৰ পৰাই দেখিছোঁ l ব্যক্তিগত ভাৱে প্ৰিয় শিক্ষক শিক্ষয়িত্ৰী, সম্পৰ্কীয় দাদা বাইদেউৰ পৰা আৰম্ভ কৰি সামাজিক ভাৱে জনা ভায়া মামা, জংকী বৰঠাকুৰ, বিহুৱা দল আদি কিমানৰ অকাল মৃত্যু হৈছে অসমত, আমি জানো ৰাখিছোঁ খতিয়ান?

বছৰত এবাৰকৈ অসমলৈ যাওঁ, অহাৰ সময়ত ভাবোঁ, অহাবাৰ অহালৈ চবকে পামনে? নিজৰেই বা হব কি? ফোনত মায়ে প্ৰায়ে কয় যে ‘অমুক অাৰু নাই ‘… ‘অ, হয়নেকি, কি হৈছিল? মৰিবৰ বয়সতো হোৱা নাই! ‘…. ‘ নাই, তোৰ দেউতাৰতকৈ বহুত সৰু, কালি পৰহিৰ মানুহ’!

কিয় এনেকুৱা হয়? কোনোবাই কৈছিল যে Death of one person is tragedy, the death of one million is statistics. মৃত্যুৰ হাৰ অধ্যয়ন জনসংখ্যা বিজ্ঞানৰ এটা প্ৰধান বিষয়, মোৰ গৱেষণাৰো মূল বিষয়বস্তুl আনকি মোৰ ডক্তৰেট ডিগ্ৰীৰ থেচিছ খনৰ শিৰোনামা হল:’ ‘ভাৰতৰ প্ৰাপ্ত বয়স্কলোকৰ মৃত্যুৰ হাৰৰ অৱস্থা, গতি, কাৰক আৰু কাৰণ l এই গৱেষণা পত্ৰখনত মই ভাৰতৰ আৰু ইয়াৰ ৰাজ্যবোৰৰ ১৫-৬০ বছৰ বয়সত হোৱা মৃত্যুৰ হাৰৰ গতি, আঞ্চলিক আৰু লিংগ বৈষম্যতা, বেমাৰৰ কাৰণ আৰু কাৰকবোৰ অধ্যয়ন কৰিছিলোঁl মৃতুৰ দৰে এটা হতাশা জনক ঘটনাকলৈ থেচিছ লিখাতো আপোনালোকৰ মনত অস্বাভাৱিক যেন লাগিব পাৰে, কিন্ত এই গৱেষণাপত্ৰ খনে তিনিটা প্ৰতিষ্ঠান বা সংস্থাৰ পৰা (ISI, Kolkota: IIPS, Mumbai আৰু IASP, India) পুৰস্কাৰ পাইছিল l সেইকাৰণে, প্ৰথমে কওঁ যে জনসংখ্যা বিজ্ঞানত অামি কিয় মৃত্যুৰ বিষয়ে অধ্যয়ন কৰোঁ? এটা কাৰণ হলযে ই জন সংখ্যাৰ পৰিমাণ নিৰ্ধাৰণ কৰে, বৃদ্ধি বা কম হোৱাত ভূমিকা লয় l আনটো হলযে পৃথিৱীলৈ আহিলে সকলোতো মৰিবই লাগিব, কিন্ত জন্ম হৈয়ে মৰা এজন শিশু আৰু এশ বছৰ জীয়াই থকা জনৰ মাজত আকাশ পাতাল পাৰ্থক্য l এজনে পৃথিৱীৰ পোহৰ দেখিও নেদেখাৰ দৰে, অানজনে আকৌ গোটেই জীৱন উপভোগ কৰে l অসময়ত হোৱা মৃত্যুক পৃথিৱীৰ আটাইতকৈ কঠোৰতম বৈষম্য বুলি কোৱা হৈছে l পৃথিৱীত জন্মহৈ জীয়াই থাকিব পৰাটো মানুহৰ প্ৰথম প্ৰাথমিক আধিকাৰ, বাকী আধিকাৰ বোৰৰ কথা জীয়াই থকাৰ পিছতহে আহে l অামি যেতিয়া এই বিষয়ে বিজ্ঞান সন্মতভাৱে অনুসন্ধান কৰোঁ, এইবোৰক কেনেকৈ বাধা দিব পাৰি, তাৰ তথ্য আহৰণ কৰোঁl তৃতীয়তে, মৃত্যুৰ হাৰ চাই এখন দেশৰ অাৰ্থ সামাজিক অৱস্থা কেনেকুৱা বা আন আন বিষমতাৰ ওপৰত বাস্তৱিক মন্তব্য দিব পাৰি l যেনে, জাপানৰ মহিলাৰ গড় আয়ুস 87 বছৰ বুলি কওঁতে অামি বুজি পাওঁ যে সেই দেশ আৰ্থ সামাজিক অৱস্থাৰ উন্নতম শিখৰত আছে, সামাজিক বিষমতা একেবাৰে নাই বুলিবই পাৰিl আনহাতেদি, অসমৰ পুৰুষৰ গড় আয়ুস প্ৰায় ৬৪ বছৰ, যিটোয়ে বুজাই যে কিছুসংখ্যক লোক ৮০ বছৰ জীয়াই থাকিলেও, সৰহখিনি মানুহৰে অকাল মৃত্যু হয় l মৃত্যুৰ হাৰৰ এই গুৰুত্বপূৰ্ণতাৰ বাবেই, শিক্ষা আৰু আয়ৰ লগতে, ই Human Development Index ৰ এটা উল্লেখযোগ্য অংশ। উন্নত দেশবোৰত মৃত্যু পঞ্জীয়ন কৰাত বহুত গুৰুত্ব দিয়া হয় বাবে বহুত উন্নত তথ্য থাকে আৰু বহু উচ্চ খাপৰ গৱেষণা হয় l আমাৰ দেশ এই ক্ষেত্ৰত এতিয়াও অলপ অলপ পিচ পৰি আছে l UN আাৰু WHO অত ইয়াৰ বিস্তৃত গৱেষণা হয়l

যিকি নহওক, থেচিছ লিখি থকাৰ সময়তে ময়ো মই গম পালোঁ যে ভাৰতৰ ভিতৰত অসমত প্ৰাপ্ত বয়স্ক লোকৰ অকাল মৃত্যুৰ সকলোকৈ বেছি l হয়, আপুনি ঠিকেই শুনিছে, অসম এই ক্ষেত্ৰত শীৰ্ষ স্থানত আছে l শিশুৰ মৃত্যুৰ হাৰো অসমত বেছি, কিন্তু আন ৰাজ্য যেনে মধ্য প্ৰদেশ আদিতো শিশুৰ মৃত্যুৰ হাৰ বেচি l প্ৰাপ্ত বয়স্কৰ মৃত্যুৰ ক্ষেত্ৰত কিন্ত অসম প্ৰায় outlier, ১৯৭০ চনৰে পৰা এতিয়ালৈকে অসমৰ ডেকা মানুহ বোৰৰ মৃত্যুৰ সদায় বেছি l এইতো এটা উদ্বেগৰ বিষয়, কাৰণ ই অসমৰ দুখীয়া অাৰ্থ সামাজিক দিশতোৰ লগতে আমাকো আমাৰ অস্বাস্থ্যকৰ জীৱন প্ৰনালী অাৰু ৰাজনৈতিক অস্থিৰতাৰ কথা সোৱৰাই দিয়ে l প্ৰাপ্ত বয়স্ক লোকৰ মৃত্যুয়ে শিশুৰ মৃত্যুতকৈ বেছি ক্ষতি কৰে কাৰণ তেওঁলোক সমাজৰ মূল চালিকা শক্তি l সাধাৰণ কথাত কবলৈ হলে, শিশুৰ মৃত্যু ৰোধ কৰিবলৈ শিক্ষা আৰু আয় যথেষ্ট হব পাৰে কিন্তু ডেকা সকলৰ অকাল মৃত্যুৰ বাবে সেয়া যথেষ্ট নহয় (যদিও এই বোৰে পৰোক্ষ ভাৱে সহায় কৰে)l জীৱন যাপনৰ প্ৰনালী, যেনে খোৱা বোৱা, শাৰীৰিক পৰিশ্ৰম, মদ ভাং চিগাৰেট বিড়ি বা ভেজাল খানা খোৱা আদিবোৰ বৰ গুৰুত্বপূৰ্ণ হয় l

তাৰ লগে লগে আন কিছুমান কাৰণ যেনে গাড়ী কিমান গতিত চলাই, বা ট্ৰেফিকৰ অন্য নিয়ম বোৰ মানি চলেনে নাই, বছৰত কিমান বাৰ প্ৰাকৃতিক দুৰ্যোগ হয়, হত্যা বা আত্মহত্যা কিমান হয়, এই বোৰ কথা অকাল মৃত্যুৰ বাবে জগৰীয়া l কোৱা বাহুল্য যে কিছুমান বেমাৰ বংশগত ভাৱে আহে, পৰিসংখ্যাৰ দৃষ্টিৰে চালে, এনেকুৱাবোৰ ঘটনা অতি নগন্য l সৰহ খিনিয়ে মানুহে নিজে সৃষ্টি কৰা বেমাৰ l

মই যেতিয়া এই কথাখিনি লিখিছোঁ, বহুতেই চাগে নিজৰ জীৱনৰ বা চাৰিও ফালৰ ঘটনা বোৰক সাঙুৰিব পাৰিছে নিশ্চয় l ধৰি লওক, আমাৰ কিছুমান অভ্যাস, যেনে ৰাতিৰ আহাৰ গধুৰকৈ অামি ৯ টা বজা বা তাতকৈ পিছত খাওঁ, যিটো সুস্বাস্থ্যৰ বাবে হানিকাৰক l আনকি গাওঁ বোৰতো খুব কম মানুহে শাৰীৰিক পৰিশ্ৰম কৰে, চাইকেল চলায়l বিয়াৰ পিছত সৰহ সংখ্যকৰে ওজন বাঢ়ি যায় যিটোয়ে বহুত বেমাৰৰ সম্ভৱনা বঢ়াই দিয়ে l লোকক কোৱাৰ আগতে নিজৰ কথা ভাবিব লাগে l বিশ্ববিদ্যালয়ৰ শিক্ষাদান, গৱেষণা আৰু বহুত ভ্ৰমণৰ বাবে মই নিজকে খুব অৱহেলা কৰিছিলোঁ, খোৱা বোৱা ঘৰত কৰাতকৈ বাহিৰত খাই ভাল পাইছিলো যিটোৰ বাবে ওজন গৈ ৭২ কেজি হৈছিলগৈ l এতিয়া পিছে খোৱা বা কাম সকলোবোৰ সন্তুলন কৰাত গুৰুত্ব দি অলপ সফল হৈছোঁ l আামাৰ মানুহৰ মাজত খাদ্যৰ বিষয়ে খুব ভাল সচেতনতা নাই, সুষম আহাৰ কৈ বেছি কেলৰি যুক্ত খাদ্য বেচি খায় মানুহে l তাৰোপৰি, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত মদ, চিগাৰেট বা আন নিছা থকা বস্তু খোৱাৰ পৰিমাণ বেছি, ভাৰতৰ আন ৰাজ্যত কৈতো বহুত বেছি l বিভিন্ন ধৰণৰ সমীক্ষাই দেখুৱাইছে যে অসমত আনকি আন ৰাজ্যৰ তুলনাত বেছি সঘনাই মানুহে মদ খায় l

কিন্ত এই খিনিতে কোনোবাই মোক সুধিব পাৰে, যে কিছুমানে যে মদ ভাং নাখায়, তথাপিও কেনছাৰত ভোগে, কিয়? এই বিষয়ে অসমত তেনেকুৱা অধ্যয়ন আছে বুলি নাভাবো, কিন্তু আন ঠাইৰ অধ্যয়ন বোৰৰ পৰা কব পাৰি যে খাদ্যৰ ভেজালকৰণ, শাক পাচলি ত হোৱা অতি মাত্ৰাত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ, মাছ মাংসত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থই হয়তো ইয়াৰ কাৰণ l সময়ে সময়ে বাতৰি কাকত বা নিওজ চেনেলত দেখিলে আমাৰ যোগান বিভাগে ভাল দৰে কৰ্ত্তব্য পালন নকৰা যেন লাগে, যাৰ ফলত মানুহে বজাৰৰ পৰা বিহ খাই থকা যেন লাগে l এই খিনিতে মই মোৰ দেউতাৰ কথা কব বিচাৰোঁ l মোৰ দেউতাৰ প্ৰায় ৬০% বন্ধু ৫০ বছৰ বয়সৰ আগতেই ঢুকালে, কিছুমান পিছত ঢুকাইছে, কিন্ত ৮০+ বয়সত মোৰ দেউতা তেওঁৰ ডেকা কালতকৈ অলপ কম বেমাৰী l তাৰ এটা প্ৰধান কাৰণ ঘৰৰ শাক পাচলি আৰু গাখীৰ l মহিলা সকলে খৰিৰ জুইত ভাত বনোৱাতোয়েও অকাল মৃত্যুত প্ৰভাৱ পেলায় l ডাঙৰ ডাঙৰ চহৰ বোৰৰ বায়ু পানী প্ৰদূষণো বহুত বেমাৰৰ বাহকl তাৰ লগে লগে ভূল চিকিৎসাৰ বাবে অকাল মৃত্যু হয় যিটোৰ বিষয়ে কোনো তথ্য নাই l

তাৰ উপৰিও, ৰাজনৈতিক অস্থিৰতাও প্ৰাপ্ত বয়স্ক মৃত্যুৰ কাৰণ, ৰাজনৈতিক অস্থিৰতাই মানসিক স্বাস্থ্যক প্ৰভাৱ পেলায়, হত্যা বা আন অপৰাধ বঢ়ায়, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অযোগ্য চৰকাৰে মৃত্যুক বাধা দিয়াত অপৰাগ হয় l অসমত অপাৰেচন বজৰং বা ৰাইনোত কিমান ডেকা লৰা মৰিল, সঠিক তথ্য আছেনে কাৰোবাৰ হাতত?

ইয়াৰ কিছুমান অৱস্থা অামি নিজৰ ব্যক্তিগত উদ্যমেৰে সলাব পাৰোঁ, কিছুমান সচেতন নাগৰিক আৰু চৰকাৰ মিলি কৰিব পাৰোঁ আৰু কিছুমান কেৱল চৰকাৰ বা প্ৰশাসনেহে কৰিব পাৰে l মোৰ অফিচৰ সহকৰ্মী সকলৰ কথা কওঁl ইয়াত মানুহে কামৰ মাজে মাজে যেতিয়া চাহ বা কফি খাবলৈ লগ পাই, ছবেই বন্ধ বা weekend অত কি কি কাম কৰিব সেই বিষয়ে কথা পাতে l দৌৰা, চাইকেল চলোৱা, সাঁতোৰা, পাহাৰ বগুৱা, gym লৈ যোৱা ইয়াৰ মানুহৰ জীৱনৰ এটা অংশ l মোৰ অফিচতে বহা এলিচনয়েতো প্ৰায়ে ভিয়েনা পৰা ১৬ কিলোমিটাৰ দৌৰি আহিছিল (এতিয়া আমেৰিকা লৈ গল)! গৰম দিনত অফিচলৈ চাইকেল লৈ অহাতো ইয়াত এটা নিয়ম l ভাল আৰু বেয়া দুয়োটা বস্ত সংক্ৰামক, যদিও ভাল তো গঢ়োতে অলপ সময় লয় l অামি কিমান শাৰীৰিক পৰিশ্ৰম কৰোঁ, কিমান গিলাচ পানী খাওঁ, চেনী খাওঁ নে নাখাওঁ, মানসিক শান্তিৰ বাবে ধ্যান কৰোনে নকৰোঁ, মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰোনে নকৰোঁ, এই বোৰ আমাৰ প্ৰায় নিজৰ সিধান্ত l

কিন্তু কিছুমান কথা কেৱল চৰকাৰ বা প্ৰশাসনৰ ওপৰত জড়িত l যেনে, খাদ্যৰ ভেজালকৰণ, মদ চিগাৰেটৰ দাম, চৰকাৰী স্বাস্থ্য সেৱাৰ উন্নত কৰণ, ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱাৰ নিয়্ন্ত্ৰণ আদি বোৰ তেওঁলোকেহে কৰিব পাৰে l চৰকাৰে ছিক্কিমৰ দৰে জৈৱিক খাদ্য উৎপাদন কৰিবলৈ যত্ন কৰিব লাগে l খুব সঘনাই হৈ থকা যান বাহনৰ দুৰ্ঘটনাৰ বাবে চৰকাৰ আৰু অামি মানুহবোৰ সমানে জগৰীয়া l কাৰণ আমাৰ চৰকাৰে নিয়ম মানি দিয়ে ঠিকেই, কিন্তু মানুহে নিয়ম বোৰ মানিবলৈ টান পায় l অভিজ্ঞতা নোহোৱাকৈ গাড়ী চলোৱাৰ পাৰ্মিট পাই বুলি শুনোঁ l

অসম দৰে ঠাইত যত অকাল মৃত্যু বেছি, অামি সকলোয়ে কম বেছি পৰিমাণে জগৰীয়া, ই আমাৰ সামূহিক বিফলতাl ইয়াৰ সৰহ সংখ্যককেই বাধা দিব পাৰি, ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সচেতন নাগৰিক অাৰু ব্যক্তিগত প্ৰচেষ্টাৰে নিজৰ দ্বায়িত্ব আৰু আধিকাৰক সমানে গুৰুত্ব দিলে, অামি নিশ্চয় সফল হম l

কিন্তু এইবিলাক নোহোৱালৈকে ঘটনা ঘটিয়েই থাকিব l আৰম্ভনিতে লিখিছোঁ যে মৃত্যুক খুব ওচৰৰ পৰা পাইছোঁ, কেতিয়াবা আগ জাননী পাইছিলোঁ, কেতিয়াবা পোৱা নাই l স্কুলৰ দুগৰাকী ছাৰ বাইদেউ খুব বয়সতে ঢুকাইছিল l পি এইছ ডি আৰম্ভ কৰোঁতে, মোৰ গাইডজন হঠাৎ মৃত্যু হৈছিল l কৰ্ণাটকৰ ধনী ব্ৰাহ্মণ পৰিয়ালৰ এই পণ্ডিতজন বৈষয়িক ভাৱে একেবাৰে উদাসীন আছিল, কিন্ত প্ৰচণ্ড শক্তিশালী ব্যক্তিত্বৰ গৰাকী আছিল l বিদেশত যদি ভাৰতৰ কোনোবা জনসংখ্যাবিদক সন্মান কৰা হয়, তেওঁৰ নাম, তেওঁৰ তীক্ষ্ণতাক প্ৰথমে উচ্চাৰণ কৰা হয় l বিদেশত খুব নাম কৰা গৱেষণা কৰা স্বত্বেও কৰ্ম্মজীৱন কৰ্ণাটকৰ এখন সৰু চহৰত আৰম্ভ কৰি তেতিয়ালৈ আমাৰ প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ হৈছিল l তেওঁৰ লগত মাষ্টাৰ অাৰু এম্ ফিল থেচিছ লিখি থাকোতে ওচৰৰ পৰা পাইছিলো, এক গভীৰ শ্ৰদ্ধা ভয় মিহলি এটা সম্পৰ্ক হৈছিল l মাত্ৰ দুদিন আগত, দীঘলীয়া আলোচনা কৰিছিলোঁ, সেইদিনা কেৱল ৫ মিনিটৰ আগত লাইব্ৰেৰীত লগ পাই সম্ভাষন জনাইছিলোঁ l পাঁচমিনিটৰ পিছতেই সকলো শেষ (কোনোবাই জানিব বিচাৰিলে ২০০৭ চনৰ ৮ ছেপ্তেম্বৰৰ ইকনমিক অাৰু পলিটিকেল উইকলিখন চাব পাৰে, যত তেওঁক সন্মান জনাই এটা প্ৰবন্ধ প্ৰকাশ কৰিছিল ছাৰিজন আন্তঃৰাষ্ট্ৰীয় জনসংখ্যাবিদে)l

তেওঁৰ অসময়ত হোৱা মৃত্যু আমাৰ দেশৰ কাৰণে এটা ক্ষতি আছিল, কাৰণ তেওঁ কেন্দ্ৰীয় চৰকাৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মূলক বিভিন্ন চৰকাৰী নিয়ম নীতি কৰাত ভূমিকা লৈছিল l কিন্ত মোৰ ব্যক্তিগত ক্ষতি আছিল l মই যেন হতাশাৰ সাগৰতহে ডুব গৈছিলো! হোষ্টেলৰ অকলশৰীয়া ৰুমত সোমাই চকু পানী টুকি আছিলোঁ l কি কৰা নাছিলোঁ হতাশা দূৰ কৰিবলৈ? কিতাপ পঢ়িছিলোঁ, কৰ্ণাটকৰ সেই ঘৰখনলৈ তেওঁৰ বৃদ্ধ মাঁক দেউতাক চাবলৈ গৈছিলোঁ আৰু মনত ভাগৱত গীতাৰ এষাৰ কথা আওঁৰাছিলোঁ :

‘আত্মা অবিনাশী অাৰু অক্ষয়, আত্মা গোটেই শৰীৰ বিয়পি থাকে, ইয়াৰ কোনো জন্ম বা মৃত্যু নাই, ইয়াৰ কোনো অতীত, বৰ্তমান বা ভৱিষ্যত নাই, কিন্ত এটা দেহৰ পৰা আন দেহালৈ গৈ জন্ম মৃত্যুৰ সূচনা কৰে’…….

হয়তো তেওঁলোক আছে আৰু বেছি ভাল জীৱন পাইছে, হয়তো তেওঁলোকে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পাই এই মহা জগতত বিলীন হৈ গৈছে l তেওঁলোকৰ মহান আত্মাৰ বাবে, যিবোৰে কম দিন থাকিও মন ভৰাই গল, আমাৰ অযুত প্ৰাৰ্থনা l

নন্দিতা শইকীয়া, ৮ ফেব্ৰুৱাৰী, ২০১৯, ভিয়েনা l