Vienna Diary 4

আত্মাৰ উপলব্ধি আৰু আনন্দ

আগতে লিখিছোঁ যে ভিয়েনা মহানগৰী বসবাসৰ বাবে অতি উপযোগী ঠাই l ইয়াৰ নীলা আকাশখনে বিশুদ্ধ বতাহৰ কথা সোঁৱৰাই দিয়ে…. ৰ’দ দিলে গভীৰ নীলা হৈ পৰা ডানোব নদীখনে বুকু ভৰাই তোলে। কিছু দূৰৰ মূৰে মূৰে থকা সেউজীয়া শিশু উদ্যানবোৰত শিশুবোৰে খেলি আনন্দ কৰি থকা দেখিলে ওঠঁত আপোনা আপুনি হাঁহি বিৰিঙি উঠে। এইযে পৰিস্কাৰ বাট ঘাটবোৰ… ৰাস্তাইঘাটে ৫0 চেন্ট দিলে পোৱা পৰিস্কাৰ প্ৰসাৱগাৰবোৰ… নল খুলিলেই খাব পৰা পানী… ২৪ ঘন্টাই বিজুলী… ৰাজহুৱা ঘাই ঠাইবোৰত বিনামূলীয়া WIFI… থাওকতে পোৱা বাছ- ট্ৰাম-মেট্ৰবোৰ… এইযে এশ ডেৰশ বছৰীয়া মহলাবোৰ আধুনিক সুউচ্চ মহলবোৰৰ লগত একেলগে গৰ্বৰে থিয় হৈ আছে… ঘৰৰ বেলকনিত কেৱল সজাই থোৱা আছে ৰঙ বিৰঙৰ অৰ্কিড বা তেনেকুৱা ফুল… সকলোৰে থকা উচ্ছমানদণ্ডৰ ঘৰবোৰ… দেখিলেই স্মাৰ্ট যেন লগা মানুহবোৰ… এইযে ছুটীত কৈও ছুটী কাপোৰ পিন্ধি ঘূৰি ফুৰা গাভৰু আৰু আদহীয়া মাইকী মানুহবোৰ, আৰু তেওঁলোকক দেখিও নিৰ্বিকাৰ চিত্তে থকা ডেকা আৰু বুঢ়া মানুহবোৰ…
ডেকা গাভৰু আদহীয়া সকলোৱে চিগাৰেট, বিয়েৰ আদি খাইও মাতলামি নকৰা পৰিবেশবোৰ… ঘৰৰপৰা ৫ মিনিট খোজ কাঢ়িলে পোৱা চুপাৰ মাৰ্কেটবোৰ…. এই যে পিঠিত গধুৰ বেগ নথকা শিশু বোৰ যিবোৰে বাছ-ট্ৰাম-মেট্ৰ ত উঠি দলে বলে যাদুঘৰ, পাৰ্ক বা তেনে ঠাই চাবলে যায় ..এই যে খোলামেলাকৈ ডেকা গাভৰুৰ মৰম বা সৌজন্য মূলক আলিংগন বা চুমাবোৰ….এই যে ৰাস্তাত চাইকেল চলাই বা দৌৰি থকা মানুহবোৰ… আধাঘণ্টা গাড়ী বা চাইকেলেৰে গ’লেই পোৱা বিস্তীৰ্ণ পথাৰবোৰ, কেতিয়াবা হালধীয়া (সৰিয়হ বা সূৰুযমুখী ফুলৰ দিনত ) কেতিয়াবা সেউজীয়া (আলু খেতিৰ দিনত) বা বেঙুনীয়া (লাভেণ্ডাৰ ফুলাৰ সময়ত)…. উজনি অষ্ট্ৰিয়াৰ অতি সৌন্দৰ্য্যময় আল্পছ পৰ্বতৰ সেউজীয়া বা বৰফাবৃত্ত শৃংগবোৰ… ধুনীয়া ধুনীয়া ৰাজপ্ৰসাদবোৰ… প্ৰত্যক শনি বাৰ বা দেওবাৰে মনোৰঞ্জনৰ বাবে থকা অনেক ব্যৱস্থাবোৰ …এই যে অফিচত এজনে সিজনক লগ পালে প্ৰধানকৈ ‘অহা সপ্তাহত শনি বাৰ দেও বাৰে কি কৰিবা? বা অমুক কনচাৰ্টটো বা উৎসৱললৈ যাবানেকি?’ আদিবোৰ দেখি থাকিলে অনুভৱ হয় – এইখন স্বৰ্গ নহয় নো কি?

এটা সৰ্বোচ্চ বৈষয়িক জীৱনৰ বাবে মানুহক যিমান বস্তু বা সুবিধাৰ প্ৰয়োজন, এই সকলোবোৰ যেন ভিয়েনাত উভৈনদী কৈ আছে!!!এই দেশৰ মানুহৰ গড় আয়ুস প্ৰায় ৮৩ বছৰ যিটোৱে ইয়াৰ মানুহৰ অৰ্থসামাজিক সমতাৰ পৰিচয় দিয়ে। ডেকা বুঢ়া সকলোৱে কাম কৰিছে, উপভোগো কৰিছে! কিন্ত ইয়াৰ পিছত আৰু কি? অকল বৈষয়িক সুখেই সৰ্বোচ্চ “জীৱন” যাপনৰ বাবে যথেষ্ট নে?

খুব সোনকালে উপলব্ধি হলযে সপ্তাহৰ শেহত ৰেষ্টুৰেন্টত বহি বিয়েৰ বা বিলাতী সুৰাত এচুমকি দিয়া, পুৰণা ৰাজপ্ৰসাদ দৰ্শন কৰাতেই আমাৰ ভিয়েনীজ জীবনৰ সমাপ্ত নহয়। আৰু কিবা এটা আমাক লাগে! কিন্তু সেয়া কি?

হয়, অামি আধ্যাত্মিক দিশতোৰ অভাৱ অনুভৱ কৰিছিলোঁ! সৰুৰে পৰা এনে এটা পৰিৱেশত ডাঙৰ হৈছোযে ৰাতিপুৱা – গধূলি ঘৰৰ সন্মুখত তিনিখলপীয়া সিংহাসনযুক্ত গোঁসাইঘৰত ঘোষা পাঠ শুনিবলে পাওঁ, বা নিজেও গাবলৈ সুবিধা পাওঁ, দুপৰীয়া বৰতাল বজাই গোৱা নাম শুনিবলে পাওঁ । ভাদৰ মাহত গোটেই সন্ধ্যা পুথি শুনিবলে পাওঁ । গুৰুদুজনাৰ প্ৰভাৱৰ বাবেই হয়তো সৰুৰে পৰা কৃষ্ণক সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি প্ৰাৰ্থনা কৰি আহিছোঁ , কিমান শুদ্ধ বা কিমান ভূল নাজানো, কিন্ত ঘৰত পোৱা এই পৰিবেশৰ বাবেই কোনোদিন অন্য ভগৱানৰ বিষয়ে গভীৰ কৈ জানিবলে আগ্ৰহ প্ৰকাশ হোৱা নাছিল। ঘৰৰপৰা ওলাই অহাৰ পিছত দৃষ্টিভংগীৰ বহুত সলনি হল, লাহে লাহে গম পালোঁ যে অামি এনে এটা ধৰ্ম মানি চলো “যত জীৱ তত শিৱ” আৰু এইয়া আমাৰ ধৰ্মৰ এক উদাৰতা। একে ধৰ্মৰ ভিতৰতে থাকি হাজাৰ জনে হাজাৰ পন্থা বাচি লৈছে ভগৱানক পাবৰ বাবে l অলপতে দালাই লামাৰ ‘The philosophy of happiness’ কিতাপ খনত তেওঁ কোৱা এষাৰ কথাই মন চুই গৈছিল l তেওঁ কৈছে যে, পৃথিৱীত এটা দুটা নহয়, হাজাৰটা ধৰ্ম থকা উচিত কাৰণ প্ৰত্যেকৰে বাবে ভগৱানক পোৱাৰ পথ বেলেগ l ভাৰতৰ কৰবাত যদি গণপতি, কৰবাত দুৰ্গা গোঁসানী, কৰবাত আকৌ মাতাজি, কৰবাত ৰাম, কৰবাত শিৱ আৰু কৰবাত কৃষ্ণ মানুহৰ আৰাধ্য দেবতা l কোনোবাই কৰে কীৰ্ত্তন,কোনোবাই কৰে পূজা, আন কোনোয়ে আকৌ কৰে ধ্যান l ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাই ফুৰি এটাই অনুভৱ হৈছেযে ভাৰতৰ চুকে কোণে থকা অসংখ্য দেৱ-দেৱীৰ মন্দিৰবোৰ আমাৰ ধৰ্মৰে নহয়, সংস্কৃতি আৰু সভ্যতাৰো বাঁহক। এইবোৰক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয়ই গৌৰৱ কৰিব পাৰে l

তথাপিও ঘৰুৱা পৰিবেশৰ বাবেই কৃষ্ণৰ প্ৰতি যেন অন্য এক টান! কাল্পনিকেই হওক বা বাস্তৱিকতে হওক, সকলো ধৰ্মৰে ভিতৰত, কৃষ্ণ একমাত্ৰ চৰিত্ৰ যি আছিল সুখৰ আধাৰ, মানবীয় যন্ত্ৰণাৰ উৰ্ধত, যিদৰে তেওঁ অতি প্ৰিয় সন্তান আছিল, সিমানে প্ৰিয় সখা, প্ৰিয় স্বামী, প্ৰিয় প্ৰেমীক, প্ৰিয় ভাতৃ আৰু ৰক্ষক আছিল, মানৱীয় ৰূপে থাকিও, মানুহৰ মাজত থাকিও তেওঁ হল আছিল স্থিতপ্ৰজ্ঞ মহান যোগী! অামি জনাত তেওঁই একমাত্ৰ এক ঈশ্বৰৰ চৰিত্ৰ যি মানব ৰূপ মানবীয় যন্ত্ৰণাৰ উৰ্ধত আছিল। তাৰোপৰি, তেওঁৰ মুখেৰে নিৰ্গত হোৱা গীতাৰবানীয়ে যুগ যুগ ধৰি কি পৰমানু বিজ্ঞানীৰ পৰা সাধাৰণ মানুহলৈকে অনুপ্ৰাণিত কৰি আহিছেl

সেই বাবে এটা নিদিষ্ট দেওবাৰে অামি বৈদিক কেন্দ্ৰ ISKON মন্দিৰ লৈ গলো। পশ্চিমৰ অন্য চহৰৰ ISKON মন্দিৰৰ তুলনাত এটা সৰু মন্দিৰ। মন্দিৰৰ ভিতৰত সোমাই অভিভূত হৈ পৰিলোঁ। স্পীকাৰলৈ ভাগবত গীতা পাঠ কৰিছে ৰাছিয়ান সাধুয়ে, তেওঁৰ কথা সমান্তৰাল ভাৱে জাৰ্মান ভাষাত ব্যাখ্যা কৰি গৈছে জাৰ্মান সন্ন্যাসীনীয়ে …. ভক্তৰ মাজে মাজে আন দুজন মানে ইংৰাজীত ভাঙনি…। আলোচনা হৈছে ভাগবত গীতাৰ ওপৰত, পাৰ্থৰ মনৰ দ্বিধা আৰু শ্ৰীকৃষ্ণৰ সমিধান…. পাঠ আৰু তাৰ বাখ্যা! বহুত উচ্ছ পৰ্য্যায়ৰ আধ্যাত্মিক আৰু তাত্বিক আলোচনা হৈছিল সেইদিনা… ভক্তৰ মাজত কোনোবাজন জাৰ্মান, কোনোবাজন ৰাছিয়ান, ইওক্ৰেনিয়ান , ব্ৰাজিলিয়ান, জাপানীজ অথবা শ্লভাকিয়ান…. কেইবা গৰাকী মহিলাই শাৰী পিন্ধিছে, ফোট লৈছে, ভজন গাওঁতে ওৰণী লৈছে… পুৰুষ সকলে ইজনে সিজনক যদি “প্ৰভূ” বুলি মাতিছে, মহিলাসকলে “মাতাজী” বুলি মাতিছে।ভাগবত পাঠৰ অন্তত, মৃদংগ, তাল, শংখ, হাৰমনিয়াম আদিৰে কৃষ্ণৰ ভজন কৰা হৈছে। ভজনৰ পিছত পুৰুষ মহিলা দুফালে ঠিয় হৈ হাত চাপৰি তাল আৰু মৃদংগৰে কৃষ্ণৰ নাম কীৰ্ত্তন কৰিছে, কৃষ্ণৰ ৰসত আপ্লুত হৈ নাছিছে। কৃষ্ণ নামৰ ধ্বনিৰে যেন আকাশ বতাহ মূখৰিত হৈ গৈছে। এনে অনুভৱ হল যেন গাওঁৰ নামঘৰত জন্মাষ্টমীৰ দিনা বৰদেউতা, ককা, আৰু দেউতা, মা, বৰমা আদিৰে সৈতে নাম প্ৰসঙ্গৰ মাজত অামি ঠিয় হৈ আছো। দেহ মন যেন পুলকিত হৈ গল… “সাত সাগৰ তেৰ নদীৰ” পাৰত আহি অামি ভক্তৰ সংগ পাইছো, ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰো? মনতে আওৰালো মাধবদেৱে ৰচনা কৰা প্ৰিয় দুশাৰীমান ঘোষা “কৃপাৰ সাগৰ, দৈৱকী নন্দন, কৰিও মোক উদ্ধাৰ, ভকতৰ সংগ সদায় নুগুচক, মুখে তুৱা গুণ নাম….”

নাম গাই শেষ হল, সকলোৱে মাটিত বহি ষ্টীলৰ বাচনত ভোজ ভাত খালোঁ । তাৰ পাছত এজন এজন কৈ চিনাকী হলোঁ …বহুত প্ৰশ্ন কৰিলোঁl l যদিও অামি যোৱা দহ বছৰত বহু বিদেশী গবেষকৰ লগত কাম কৰিছোঁ , ফুৰিছো আৰু বন্ধুত্ব স্হাপন কৰিছো, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি বৈদিক জীৱন যাপন কৰা এনেকুৱা লোকৰ লগত প্ৰথম সাক্ষাৎ হল… আলোচনা চলি থাকিল বহু দেৰিলৈ… সংখ্যাত কম, কিন্ত সম্পুৰ্ণভাৱে উচৰ্গিত কেইগৰাকীমান ইউৰোপীয় ডেকা গাভৰুৱে নিজৰ ইচ্ছামতে কৃষ্ণনামৰ মহত্ব বিয়পাবলৈ ব্ৰতী হৈছে… অামি তেওঁলোকক আমাৰ গুৰুজনাৰ কথা কলো, তেওঁলোকে বহুত আগ্ৰহৰে শুনিলে। মনে মনে ভাবিলোঁ , ভিয়েনা এখন সচাঁই ভাল ঠাই, ইয়াত সকলোৰে বাবে নিজৰ নিজৰ জেগা আছে…. হয়তো খোচৰিলে কিবা কিবি দোষ ওলাব নিশ্চয় (যিটো অামি এতিয়ালৈকে অনুভৱ কৰিব পৰা নাই), কিন্ত অামি যি ঠাইৰ পৰা, আমাৰ ঠাইবোৰৰ উভৈনদী হৈ থকা যি সমস্যা, য’ত ৰাতিপুৱা ওলাই গলে দুৰ্ঘটনা হৈনে, নাৱত ডুবিনে বিজুলী তাঁৰ চুই, বা গুলী খাই নে মানুহে কোবাই কোবাই মাৰে তাৰ নিশ্চয়তা নাই, তাৰ তুলনাত ভিয়েনা সঁচাকৈ এখন মনোমোহা ঠাই, আমাৰ বাবে ।

নন্দিতা শইকীয়া
জয়ন্ত কুমাৰ বৰা