Vienna Diary 1

Vienna Dairy #1
কৰ্মসূএে যোৱা ছয় বছৰ ধৰি আমি যদিও দিল্লীৰ বাসিন্দা ,গৱেষণাৰ বাবে আমি Vienna ,Austria লৈ আহিবলৈ সুবিধা পালোঁ । দিল্লীত আমাৰ প্ৰতিষ্ঠিত আৰু আৰামদায়ক জীৱন সেইবাবে ভিয়েনালৈ অহাৰ সিদ্ধান্তক লৈ আমি বহুদিন দোধোৰ মোধোৰত আছিলোঁ । কিন্তু ইউৰোপৰ বিভিন্ন বন্ধুবৰ্গই আমাক উপদেশ দিছিল যে ভিয়েনাখন ইমান ধুনীয়া ঠাই, তোমালোকে তাৰ সোৱাদ লবলৈ বিনা দ্বিধাই অলপ দিন তোমালোকে তাত থাকি জীৱনটোক উপভোগ কৰি আহা । অৱশেষত যোৱা আগষ্ট 2017 আমি ভিয়েনালৈ উৰা মাৰিলো ।
ভিয়েনা মহানগৰীক বিশ্বৰ ভিতৰত আাটাইতকৈ বেছি বসবাসৰ যোগ্য (livable city) বুলি কোৱা হয় । Austria ৰ ৰাজধানী দানৱে নদীৰ পাৰত অৱস্থিত ভিয়েনাই যোৱা আঁঠ বছৰ ধৰি একেৰাহে আটাইতকৈ বেছি গুণগত (highest quality of life) জীৱন আগবঢ়াই আহিছে বুলি আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পাইছে । এইস্থান পাবৰ বাবে ৰাজনৈতিক স্হিৰতা, স্বাস্থ্যসেৱা, শিক্ষা , অপৰাধ , আমোদপ্ৰমোদ আৰু যাতায়ত আদি দিশসমূহ সামৰি লোৱা হৈছিল । পৃথিৱীৰ বিখ্যাত চহৰ যেনে লণ্ডন, পেৰিছ, টকিয়’, নিউৰ্য়ক আদিবোৰে প্ৰথম 30 খন চহৰত অন্তৰ্ভুক্ত হব নোৱাৰিলে ।
কি কথাইনো ভিয়েনা চহৰখনক পৃথিৱীৰ সৰ্বোত্তম চহৰ হিচাবে চিহ্নিত কৰিছে বুলি আমি ভিয়েনাত ভৰি দিয়েই পদে পদে অনুভৱ কৰিব ধৰিলোঁ।
যদিও বহু কথাই কবলগীয়া আছে তথাপি ইয়াৰ ভিতৰত আজি আমি ভিয়েনা চহৰখন কিদৰে সুস্বাস্হ্যৰ উপযোগী কৈ গঢ়ি তোলা হৈছে তাৰ বিষয়ে দুষাৰ অৱগত কৰিব বিচাৰিছোঁ । ভিয়েনাৰ যতেই আপুনি বসবাস নকৰক, প্ৰায় 4-5 মিনিট সময় খোজ কাঢ়িলেই একোখনকৈ সুন্দৰভাৱে সজোৱা পাৰ্ক । তথ্য অনুসৰি ভিয়েনাৰ 50 শতাংশই সেউজীয়া পাৰ্ক আৰু ইয়াৰ সৰহভাগ জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুক্ত । প্ৰত্যেক পাৰ্কতে খোজকঢ়াৰ ট্ৰেক, চাইকেল চলোৱাৰ ট্ৰেক আৰু শিশুৰ বাবে বিভিন্ন ধৰণৰ খেলাধূলাৰ আহিলা থাকে । প্ৰত্যেকদিনাই আবেলি এই পাৰ্ক বিলাকত শিশু আৰু ছেমনীয়া লৰা ছোৱালীৰ লগতে মাক দেউতাক বিলাকে একেলগে খেলাধূলা কৰে । কোনোবাই বল খেলে , কোনোবাই দৌৰে, চাইকেল চলাই মুঠতে আবেলিৰ সময়ত শিশু আৰু অভিভাৱকৰ দৃশ্য অতি মনোমোহা হৈ পৰে ।
এই পাৰ্কবোৰত থকা সেউজীয়া ঘাহঁনি আৰু ওখ পাইনগছৰ ছাঁই সকলোকে খোজ কাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰে । কিন্তু খোজ কাঢ়িব বা চাইকেল চলাবৰ বাবে যে পাৰ্কহে আছে এনে নহয় ; গোটেই চহৰখনেই ইয়াৰ বাবে উপযোগী । ভিয়েনা চহৰ চাবলৈ চাইকেলক অন্যতম বাহন হিচাপে ব্যৱহাৰ কৰা হয় । কেৱল সেয়াই নহয় বহু ভিয়েনা বাসীয়ে অফিচ কাছাৰিলৈ অহাযোৱা কৰিবলৈ চাইকেলক নিয়মিত ভাৱে ব্যৱহাৰ কৰে । উদাহৰণ স্বৰূপে আমি থকা ঘৰটোৰ মালিক প্ৰৱজনকাৰীৰ গবেষক মিখেলাই যোৱা কেইবাবছৰ ধৰি চাইকেলকেই একমাত্র যাতায়তৰ বাহন হিচাবে ব্যৱহাৰ কৰি আহিছে । তেখেতে প্ৰায় 20 km দূৰত্বত থকা Laxenburg নামৰ ঠাইত থকা অফিচলৈ একমাত্র চাইকেলকে যাতায়তৰ বাহন কৰি লৈছে । আমাৰ গৱেষণাদলৰ ষাঠীবছৰীয়া গ্ৰুপ লিডাৰে আধা ৰাস্তা চাইকেল লৈ যায়, আধা মেট্ৰত যায়। ভিয়েনাৰ পাব্লিক Transport অতি উন্নত মানৰ । চহৰৰ যিটো কোনত আপুনি বাস নকৰক কিয় , 2-3 মিনিট খোজকাঢ়িলেই হয় বাছ, ট্ৰাম বা মেট্ৰৰ সুবিধা আছে । মেট্ৰ বা ট্ৰামত আপুনি চাইকেলখন লৈ যোৱাৰ সুবিধাও আছে যিটো অতি শলাগ লবলগীয়া । সেইবাবেই ইয়াৰ মানুহবোৰে দূৰণিবতীয়া পথবোৰ মেট্ৰ আৰু চাইকেল মিলাই কৰিব পাৰে ।
ভিয়েনা বা পশ্চিম ইউৰোপত চাইকেলৰ জনপ্ৰিয়তাৰ কাৰণ কেইবাটাও । প্ৰথমটো হৈছে চাইকেলৰ ব্যৱহাৰ সুস্বাস্হ্যৰ এক অন্যতম আহিলা । দ্বিতীয়তে, চাইকেলৰ ব্যৱহাৰ পাৰিপাৰ্শ্চিক সমতা ৰক্ষাৰ বাবে সহায়ক । চাইকেলৰ পৰা কোনো প্ৰদূষণ নহয় । তৃতীয়তে চাইকেলৰ খৰছ গাড়ী বা বাইকৰ তুলনাত বহু কম । চাইকেলত কোনো ইন্ধন নলগাৰ উপৰিও ইয়াৰ কোনো পাৰ্কিং ফিজ নাই। ভিয়েনাত গাড়ীৰ পাৰ্কিং ফিজ বহুত বেছি ।
আজিকালি আমাৰ অসমত এনেকুৱা এটা মানসিকতা গঢ়ি উঠিছে যে বাইক নহলে এক কিলোমিটাৰ দূৰত খোজকাঢ়ি বা চাইকেল চলাই যোৱাটো এটা চিন্তাৰ বিষয় । কিন্তু ইয়াত দেখিলো দহ কিলোমিটাৰ খোজকঢ়া,30 কিলোমিটাৰ দৌৰা বা পৰ্বত বগোৱা এটা সাধাৰণ কথা । আমাৰ সমাজত শাৰীৰিক পৰিশ্ৰম বিমুখিতাই (চাইকেল চলোৱা , খোজকঢ়া, পথাৰ বা বাগিচাত কাম কৰা ) আমাৰ সমাজক সামগ্ৰীক ভাৱে স্বাস্হ্যহীনতালৈ থেলি দিছে । আমাৰ মাজত মেদবহুলতা, ডায়োবেটিছ, হাইপাৰটেনছন, কেনচাৰ আদিৰ দৰে দূৰাৰোগ বোৰে চানি ধৰিছে ।
এইবোৰৰ বাবেই অসমত অকালমৃত্যু বেছি হয় বা বেমাৰী হৈ অধিক অৰ্ধ পংগোৰ দৰে জীৱন কটাব লগীয়া হয় ।
পৃথিৱীৰ সৰ্বোত্তম চহৰ ভিয়েনাবাসীৰ পৰা আমি বাৰু কিবা শিকিব পাৰোনে ? আগলৈ…

জয়ন্ত বৰা, নন্দিতা শইকীয়া
ভিয়েনা