Vienna Diary 3

আমাৰ ভিয়েনা ডায়েৰী ১ত ভিয়েনা খন কেনেদৰে স্বাস্থ্যৰ বাবে উপযোগী কৰি তোলা হৈছে সেয়া বৰ্ণনা কৰিছিলোl অাজি ভিয়েনা ৰ ৰাজহুৱা যাতায়ত সেৱাই ভিয়েনা বাসীক কিদৰে উচ্ছ মানদণ্ড ৰ জীবন কটোৱাত সহায় কৰিছে, সেই বিষয়ে লিখোঁ!

ইউৰোপৰ আন মহানগৰীৰ দৰেই ভিয়েনা তো চাৰি ধৰণৰ যান বাহান ৰ ব্যৱস্থা আছে :ট্ৰাম, subway বা মেট্ৰ, বাচ আৰু ৰেলগাড়ী l ভিয়েনা চহৰৰ যতেই বাস নকৰক কিয়, দুই বা তিনি মিনিটমান খোজ কাঢ়ি গলেই ইয়াৰ এটা বাহন পোৱা যায়!এই সকলো বিলাক এটা আনটোৰ লগত পৰস্পৰবিৰোধী হোৱাত কৈ পৰিপূৰক কৰি তোলা হৈছে। অৰ্থাৎ আপোনাৰ ঘৰৰ ওচৰত পোৱা বাহন খনে যদিওবা আপোনাক পোনপতীয়াকৈ গন্তব্য স্থান পোৱাব নোৱাৰে, সেই বাহনে আপোনাক গন্তব্য স্থান সংযোগী বাহন নিশ্চয় পোৱাগৈ lতাৰ উপৰিও এখন বাহন যেনে ট্ৰামৰ পৰা নামি বাছ বা মেট্ৰ ত উঠিবৰ বাবে দুই মিনিট কৈ বেছি নালাগে l

মহানগৰ ৰ ভিতৰত চলা সকলো বাহনৰ বাবে কমন পাচ্ উলিয়াব পাৰি! এনেকুৱা পাচ্ উলিয়াই ললে খুব কম খৰছত মাহটো বা বছৰ তো চলি যায়! গোটেই বছৰৰ পাচ্ বাবে 365 euro (ভাৰতীয় টকা প্ৰায় 29000),যাৰ অৰ্থ হ ল যে এদিনৰ অহা যোৱা খৰছ মাত্ৰ এক ইউৰো l এই পাচৰ গৰাকী য়ে দিনটোত যিমান বাৰ মন যায় সিমান বাৰ উঠিব পাৰে l আৰু যদি নাথাকে, তেতিয়া এবাৰ উঠিলেই ২.৪০ ইউৰো দিব লাগে! এদিনতে যদি আপুনি কেইবাবাৰো উঠিব লগা হয়, পাচ্ নহলে বহুত মহঙা হয়l

ভিয়েনা চহৰৰ সৰ্বসাধাৰণ ৰাইজে এই পাব্লিক যাতায়ত ব্যৱস্থা খুব ব্যৱহাৰ কৰে! আগতে লিখিছোঁl I ইয়াত কোনো ধৰণৰ স্কুল বাছ নচলে l সৰু লৰা ছোৱালী বিলাকে মাক বা বাপেকৰ লগত খোজ কাঢ়ি kindergarten বা স্কুল যায় lসমগ্ৰ ভিয়েনা মহানগৰী barrier free, মানে আপুনি শিশু strollers বা বৃদ্ধ বা দিবাংগ লোকে হুইল চেয়াৰ লৈ নিজে নিজে বাছ ট্ৰাম বা ৰেল গাড়ী ৰে যাত্ৰা কৰিব পাৰে lসেয়েহে ৰাতিপুৱা এটা সাধাৰণ দৃশ্য হল যে মহিলা সকলে নিজৰ সৰু সৰু ল ৰা ছোৱালী লৈ বাছ বা ট্ৰামৰে যোৱা দৃশ্য! এসপ্তাহ আগতে জন্ম হোৱা শিশুৰ পৰা প্ৰায় দুবছৰীয়া শিশুক stroller ত লৈ বাটে ঘাটে খোজ কাঢ়ি বা ৰেলে বাছে লৈ যোৱাতো সাধাৰণ কথা! এই বিলাক দেখিলে আমাৰ দিল্লী বা অসমলৈ মনত পৰে! কাৰণ অামি তাত নিজৰ গাড়ী নহলে লৰা ছোৱালীক লৈ কলৈকো যাব নোৱাৰোঁ! মহানগৰৰ ভিতৰত নিজৰ বাহন ব্যৱহাৰ নকৰাৰ আৰু এটা কাৰণ হল গাড়ী পাৰ্কিং ৰ খৰছ বহুত বেছি! মানে চৰকাৰী নীতিয়ে এনেকুৱা যে মানুহে পাব্লিক যাতায়তৰ ব্যৱহাৰ বেছি কৰে আৰু নিজৰ বাহন কমাই ব্যৱহাৰ কৰেl ট্ৰামৰ ভিতৰত সন্তানসম্ভৱা মহিলা,বৃদ্ধ লোক, শিশু আৰু মাতৃৰ বাবে চিট সংৰক্ষণ থাকে l জাৰ্মান বা অষ্টিয়ান সকলে কুকুৰ ভাল পায়, লগত লৈ ফুৰে, ট্ৰামবোৰত সেয়েহে কুকুৰৰ গৰাকীৰ বাবে চিট সংৰক্ষণ থাকে l

এতিয়া কওঁ অামি সদায় ব্যৱহাৰ কৰা বাছ খনৰ কথাl অামি ভিয়েনা থাকোঁ কিন্তু আমাৰে এজনৰ অফিচ ভিয়েনা ৰ পৰা প্ৰায় এঘণ্টা বাছেৰে যাব লাগেl প্ৰায় অধাঘণ্টাৰ মূৰে মূৰে চলা এই গাড়ীখন প্ৰায় ৫o জনীয়া চিটৰ l এই গাড়ীখনৰ বিশেষত্ব হল যে গাড়ীখন নিদিষ্ট সময়ত কৈ হেৰ ফেৰ নোহোৱাকৈ চলে! যোৱা ছয়মাহত সপ্তাহত পাঁচবাৰকৈ অফিচ গৈছোঁ, কিন্ত মাত্ৰ দুদিন এই গাড়ীখন পাঁচমিনিট দেৰিকৈ অহা পাইছোঁl আগতে জাৰ্মানীত থাকোঁতেও আমাৰ একে অভিজ্ঞতা হৈছিল! তাত সময়তকৈ দুইমিনিট আগত বা পিছত আহি পালে ঘোষণা কৰি ক্ষমা খোজে! ভিয়েনাত অৱশ্যে এনেকুৱা ঘোষণা শুনা নাই l এই বাছ বিলাকত কোনো conductor নাথাকে l বাছত উঠিলে আগ দুৱাৰেদি আৰু নামিলে পিছ্দুৱাৰেদি নামিব লাগেl গাড়ীখন ৰলে দুই খন দুৱাৰ খোল খায়, কিন্তু মানুহবিলাকে strictly এই নিয়ম মানি চলেl উঠা মানুহে নিজৰ পাচ্ দেখুৱাই, পাচ্ নাথাকিলে ড্ৰাইভাৰ পৰা টিকেট কিনি বাছত থকা মেছিনত পাণছিং কৰি লয় l প্ৰত্যেক ষ্টপেজৰ নাম টিভি স্কীনত দেখুওৱা বা ঘোষণা কৰা হয়, মানুহে সেইমতে নামি যায়! নিদিষ্ট ষ্টপেজৰ বাহিৰে এই বাছ খন আৰু কতো নোখোলে, লাগিলে যিমানেই ট্ৰফিক নহওঁক lবাছবোৰত হিটাৰ থাকে আৰু শীত তাপ নিয়ন্ত্ৰিত হয়l

আটাইতকৈ ডাঙৰ কথাটো হল যে বাছত যদি কিবা বস্তু হেৰুৱাই, আপুনি বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা বেছি! মোৰ নিজৰ দুই অভিজ্ঞতা হল এই বিষয়ত l এদিন মই আৰু মোৰ সহকাৰী থাই গৱেষিকা বাছেৰে আহি থাকোঁতে মোবাইল ফোনটো বাছতে এৰি থৈ আহিলl ফোনতো হেৰুৱাই তাই বহুত চিন্তিত হৈ আমাৰ অফিচৰ সহকাৰীক কলেl তেওঁ লগে লগে বাছৰ মূল অফিচত ফোন কৰি নিজৰ নম্বৰ দিলে আৰু ফোনটো পালে খবৰ দিৱলৈ দিলে l দুদিনৰ পিছত খবৰ অহিল যে ফোন পোৱা গৈছে, আনিবলৈ যাব লাগে l অাৰু এদিন মোৰ তুৰ্কি বন্ধুয়ে খ্ৰীষ্টমাছৰ বন্ধৰ আগে আগে বাছত নিজৰ পাৰ্চ হেৰুৱালে। বন্ধৰ সময়ত সকল অফিচ বন্ধ থাকে, কিন্ত তাইৰ পাৰ্চ ত তাইৰ সকলো card আছিল, ছুটি কটাবৰ বাবে বিদেশ যাত্ৰাৰ দৰকাৰী সকলো বিলাক বস্ত আছিল, কিন্ত সকলোকে আচৰিত কৰি তাই ড্ৰাইভাৰ জনৰ পৰা দুদিনৰ পাছত পাৰ্চতো পালে !

নন্দিতা শইকীয়া
জয়ন্ত কুমাৰ বৰা
ভিয়েনা
১৮ মাৰ্চ ২০১৮